-->

এন আৰ চিত ব্যৱহাৰ কৰিব পাৰিব পঞ্চায়তৰ প্ৰমাণ পত্ৰ

এন আৰ চিত ব্যৱহাৰ কৰিব পাৰিব পঞ্চায়তৰ প্ৰমাণ পত্ৰ

অৱশেষত বিতৰ্কৰ অন্ত পৰিল । ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াত বৈধতা পালে পঞ্চায়তৰ সচিবে দিয়া প্ৰমাণ পত্ৰ । বহুচৰ্চিত বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে । ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিণ্টন ফলি নৰিমানৰে গঠিত দুজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশত খাৰিজ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়দান । ইয়াৰ লগে লগে এন আৰ চিৰ পঞ্চায়তৰ প্ৰমাণ পত্ৰ গ্রহণযোগ্য হোৱাটো স্পষ্ট হৈ পৰিল । উচ্চতম ন্যায়ালয়ত বিচৰাধীন এই সম্পৰ্কীয় গোচৰৰ ৰায় দি পুৱা ১০:৩০ বজাত ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে পঞ্চায়তৰ প্ৰমাণ পত্ৰ নাগৰিকত্ব প্ৰমাণৰ কোনো নথি নহয় । এয়া নাগৰিকত্ব প্ৰমাণৰ সংযোগী নথিহে । পঞ্চায়তৰ প্ৰমাণ পত্ৰ এজন ব্যক্তিৰ জাতি, জন্মস্থান আৰু পিতৃৰ নামকহে চিহ্নিত কৰে ।