-->

অসমত স্থাপন হ’ব ৯টা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ

অসমত স্থাপন হ’ব ৯টা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ

অসমৰ ৯ খন জিলাত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব ৯টা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ। পাছপ'ৰ্ট বা পাৰপত্ৰ সেৱা সুবিধাজনক কৰাৰ বাবে অসমত মুকলি কৰা হ'ব ৯টা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ। অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, উত্তৰ-লখিমপুৰ, মঙলদৈ, শোণিতপুৰ, কাৰ্বি-আংলং, কোকৰাঝাৰ, গোৱালপাৰা আৰু ধুবুৰী জিলাত এই সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত দেশত ৮৬ টা এনেধৰণৰ পাছপ'ৰ্ট সেৱা কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ইয়াৰ ভিতৰত অসমৰ শিলচৰ অন্তৰ্ভুক্ত হৈছিল। প্ৰথম পৰ্যায়ৰ ৮৬ সেৱা কেন্দ্ৰৰ ভিতৰত ৫২ টা কেন্দ্ৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। সেয়েহে ইয়াৰ পৰিধি বৃদ্ধি কৰাৰ মানসেৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু ডাক বিভাগে দ্বিতীয় পৰ্যায়ত ১৪৯ টা এনে কেন্দ্ৰ মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।