-->

ৰাজভৱনত ৰাজ্যপালৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ আলোচনা

ৰাজভৱনত ৰাজ্যপালৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ আলোচনা

কালি অসমৰ ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিত আৰু অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাজত ৰাজভৱনত এক আলোচনাত অংশ লয়। আলোচনাকালত ৰাজ্যৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ দীর্ঘদিনীয়া দাবী অতিশীঘ্ৰে মানি ল'বলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়াৰ আশ্বাস প্ৰদান কৰে ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰক এই পৰামৰ্শ আগবঢ়াই অতি শীঘ্ৰে চিঠি লিখিব বুলিও ৰাজ্যপালগৰাকীয়ে অৱগত কৰে। ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা নেতৃবৰ্গই এই বিষয়ে সদৰী কৰে।