-->

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট সমাজ সেৱিকা ৰেণুকা দেৱী বৰকটকীৰ দেহাৱসান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট সমাজ সেৱিকা ৰেণুকা দেৱী বৰকটকীৰ দেহাৱসান

অসমৰ ৰাজনীতিৰ পৰা সমাজ সেৱালৈ অফুৰন্ত সেৱা আগবঢ়োৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট সমাজ সেৱিকা ৰেণুকা দেৱীৰ কালি পৰালোকপ্ৰাপ্তি ঘটে। কালি দুপৰীয়া ১.৪০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজ সেৱিকা গৰাকীয়ে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি যোৱা ১২ আগষ্টত প্ৰায় নিশা ১ বজাত নিজৰ ঘৰতে পৰি মূৰত আঘাত পাইছিল তেওঁ। তাৰ পিছতে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁক ভৰ্তি কৰোৱা হয়। মূৰত আঘাত পোৱাৰ ফলত তেওঁৰ মূৰত তেজ জমা হয় সেয়েহে হাস্পতালত বিয়লিলৈ এক অস্ত্ৰোপচাৰো সম্পন্ন কৰা হয়। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি কালি দুপৰীয়া চিৰদিনৰ বাবে বিদায় মাগিলে ৰেণুকা দেৱী বৰকটকীয়ে। উল্লেখযোগ্য যে বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা ৰেণুকা দেৱী বৰকটকীয়ে ভূতপূর্ব প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাত শিক্ষা, সমাজ কল্যাণ, সংস্কৃতি, যুৱ আৰু মহিলা কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। আনহাতে তেওঁ অসম বিধানসভালৈও হাজো সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল। মৃত্যুৰ সময়লৈকে তেওঁ আছিল আই এম টি ইউ টি চিৰ অসম কমিটীৰ সভানেত্ৰী আৰু ৰেডক্ৰছ ছ'চাইটি, অসম শাখাৰ অধ্যক্ষা। উল্লেখ্য যে জাৰ্মানীত কৰ্মৰত একমাত্র জীয়ৰী মিনাক্ষী বৰকটকীয়ে মাতৃৰ দুৰ্ঘটনা বাতৰি পায়েই জাৰ্মানীৰ পৰা উৰা মাৰি কালি বিয়লি গুৱাহাটীত উপস্থিত হয়। কিন্তু তেওঁ আহি উপস্থিত হোৱাৰ পূৰ্বেই মাতৃ ৰেণুকা দেৱী বৰকটকীয়ে ইহসংহাৰ ত্যাগ কৰে। 

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সমাজ কৰ্মী ৰেণুকা দেৱীৰ পৰলোকপ্ৰাপ্তিত শোক প্ৰকাশ কৰিছে বিভিন্ন ব্যক্তি বিশেষ তথা দল সংগঠনে। ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিতে ৰেণুকা দেৱীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ৰেণুকা দেৱী বৰকটকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে বিশিষ্ট ৰাজনীতিবিদগৰাকীয়ে সমাজ তথা ৰাজনীতিলৈ যি অৱদান আগবঢ়াই গ'ল সেয়া স্মৰণীয় হৈ ৰ'ব।  ইয়াৰ উপৰিও ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনৰ বহু ব্যক্তিয়ে ৰেণুকা দেৱী বৰকটকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰে।