-->

চৰম বিত্তীয় সংকটৰ গৰাহত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান: কেন্দ্ৰই বিত্তীয় সাহাৰ্য বন্ধ কৰাৰ অভিযোগ

চৰম বিত্তীয় সংকটৰ গৰাহত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান: কেন্দ্ৰই বিত্তীয় সাহাৰ্য বন্ধ কৰাৰ অভিযোগ

যোৱা কেইবামাহৰ পৰা তীব্ৰ আৰ্থিক সংকটত ভুগিছে বিশ্বৰ চাহ গৱেষণাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্রহণ কৰি অহা যোৰহাটৰ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৰ মতে যোৱা পাঁচ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ে বন্ধ কৰি ৰাখিছে বিত্তীয় সাহাৰ্য তথা অনুদান। প্ৰাপ্ত খবৰ অনুসৰি এই অনুদান আৰু সাহাৰ্যৰ পৰিমাণ প্ৰায় ৪০ কোটি টকা হ'ব। এই গুৰুতৰ সমস্যাটোক কেন্দ্ৰ আৰু ৰাজ্য কোনো এখন চৰকাৰেও গুৰুত্ত্ব প্ৰদান নকৰাত ক্ষুণ্ণ হৈ পৰিছে গৱেষণা কেন্দ্ৰটোত কৰ্মৰত কৰ্মচাৰীসকল। ইয়াৰ ফলশ্ৰুতিতে কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত টোকলাই এমপ্লয়িজ ইউনিয়ন এণ্ড অফিচাৰ্ছ এছোচিয়েচনৰ উদ্যোগত এখনি এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। এই সভাত প্ৰায় চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ সভাত উপস্থিত ৩০০ লোকৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা, এটা সঁজাতি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ ধৰা, অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক ৪০ কোটি টকাৰ ধনৰাশি মোকোলাবলৈ দাবী উত্থাপন কৰা আৰু টোকলাই সুৰক্ষা সমিতি নামেৰে এখন সমিতি গঠন কৰা।