-->

ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তলৈ আগবঢ়োৱা হৈছে ‘ষ্টাৰডাষ্ট গ্ল’বেল ইণ্ডিয়ান আইকন’ বঁটা

ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তলৈ আগবঢ়োৱা হৈছে ‘ষ্টাৰডাষ্ট গ্ল’বেল ইণ্ডিয়ান আইকন’ বঁটা

অসম সন্তান ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তলৈ আগবঢ়োৱা হৈছে 'ষ্টাৰডাষ্ট গ্ল'বেল ইণ্ডিয়ান আইকন' বঁটা। ইতিমধ্যেই 'সংযুক্তাছ' নামৰ ফেশ্বন ব্ৰেণ্ডেৰে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰগৰাকী। উল্লেখযোগ্য যে অসমৰ আপুৰুগীয়া পাট-মুগা বয়ন শিল্পক বিশ্বৰ অসংখ্য জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে ফেশ্বন জগতত খোজ পেলাইছিল সংযুক্তা দত্তই। ডিজাইনাৰ সংযুক্তা দত্তই প্ৰস্তুত কৰা সুন্দৰ ডিজাইনাৰ মেখেলা-চাদৰ পৰিধান কৰি ফেশ্বন উইকত খোজ পেলাইছিল বলিউডৰ দুই জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসু আৰু প্ৰীতি জিণ্টাই। ইয়াৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা, জেৰিন খানকে আদি কৰি বলিউডৰ বহু জনপ্ৰিয় অভিনেত্ৰীয়ে সংযুক্তা দত্তই ডিজাইন কৰা সাজ পৰিধান কৰিছে। অহা ১৩ জুলাইত নিউয়ৰ্কৰ প্লাজাত সংযুক্তাক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটা গ্ৰহণ কৰিবলৈ অহা ১১ জুলাইত নিউয়ৰ্কলৈ ৰাওনা হ'ব সংযুক্তা দত্ত।