-->

সদনত আবাকাৰী মন্ত্ৰী শুক্লবদ্য: ৰাজ্য চৰকাৰে প্ৰদান কৰিব দেশীয়-পৰম্পৰাগত সুৰাৰ অনুজ্ঞাপত্ৰ

সদনত আবাকাৰী মন্ত্ৰী শুক্লবদ্য: ৰাজ্য চৰকাৰে প্ৰদান কৰিব দেশীয়-পৰম্পৰাগত সুৰাৰ অনুজ্ঞাপত্ৰ

আবাকাৰী মন্ত্ৰী পৰিমল শুক্লবদ্যই কালি শাসক-বিৰোধী কেইবাজনো বিধায়কৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যখনত অবৈধ সুৰাৰ প্ৰচলন আৰু ব্যৱসায়ৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাবলৈ সকলো আবাকাৰী অধীক্ষকক নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰাৰ সমান্তৰালভাৱে আবাকাৰী ৰাজহৰ পৰিমাণ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে দেশীয় সুৰা আৰু পৰম্পৰাগত সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ কাম হাতত লোৱা বুলিও সদৰী কৰিছে। বিধায়ক আমিনুল ইছলামৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কালি সদনত জানিবলৈ দিয়ে যে চলিত বৰ্ষত দেশীয় সুৰা, বিলাতী সুৰা, পৰম্পৰাগত সুৰা আদিৰ পৰা মুঠ ১,৩৯৩.৭২ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু সেইমৰ্মে যাৱতীয় ব্যৱস্থা ল'বলৈ জিলা আবাকাৰী অধীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে।