-->

অৰুণাচলৰ ভূমিস্খলন: ভালুকপুং-টাৱাং সংযোগী ৰাষ্ট্রীয় ঘাইপথ বন্ধ

অৰুণাচলৰ ভূমিস্খলন: ভালুকপুং-টাৱাং সংযোগী ৰাষ্ট্রীয় ঘাইপথ বন্ধ

যোৱা কেইবাদিনো অৰুণাচল প্ৰদেশত একেৰাহে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত টাৱাং আৰু বমডিলাকে আদি কৰি বিভিন্ন ঠাইত ভূমিস্খলন হোৱাৰ ফলত ভালুকপুং আৰু টাৱাং সংযোগী ৰাষ্ট্রীয় ঘাইপথ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত এক বৃহৎ সংখ্যক পৰ্যটক আবদ্ধ হৈ পৰিছে অৰুণাচলৰ বিভিন্ন ঠাইত। প্ৰাপ্ত খবৰ অনুসৰি ভালুকপুঙৰ পৰা টাৱাং সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ বমডিলা, টেংগা, জিৰ', নাগমন্দিৰ, মনাকেম্প আদি অঞ্চলত যোৱা কেইবাদিন ধৰি ভয়ংকৰ ভূমিস্খলন হৈ আহিছে। এই ভূমিস্খলন ফলত ঠায়ে ঠায়ে ৪০-৫০ খনকৈ পৰ্যটকৰ বাহন আবদ্ধ হৈ পৰিছে। ভাৰতীয় সেনাবাহিনীৰ লগতে অৰুণাচল প্ৰদেশৰ চৰকাৰে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথ মুকুলিৰ বাবে চেষ্ঠা অব্যাহত ৰাখিছে।