-->

৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব দীপৰ বিল মহোৎসৱ

৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব দীপৰ বিল মহোৎসৱ

দীপৰ বিল মহোৎসৱৰ লাইখুঁটা কালি মহোৎসৱ সমিতিৰ সভাপতি তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই স্থাপন কৰে। দীপৰ বিলৰ পাৰত চকৰ্দো পাহাৰৰ সমীপত আনুষ্ঠানিকভাৱে বিধায়ক কলিতাই মহোৎসৱৰ লাইখুঁটা স্থাপন কৰি দীপৰ বিলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰা আৰু পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে উন্নীত কৰাৰ বাবে দীপৰ বিল মহোৎসৱৰ আয়োজন কৰাৰ কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে পূৰ্বতে ১৬ জানুৱাৰীৰ পৰা এই মহোৎসৱৰ আয়োজন কৰা হৈছিল যদিও কালি ঘোষণা কৰামতে অহা ৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব।