-->

কাইলৈ ডিব্ৰুগড় জিলা বন্ধৰ ঘোষণা একাংশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ

কাইলৈ ডিব্ৰুগড় জিলা বন্ধৰ ঘোষণা একাংশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ

এন আৰ চিৰ কাম-কাজ সম্পূৰ্ণৰূপে শুদ্ধ হোৱাৰ স্বাৰ্থত কাইলৈ অৰ্থাৎ ৯ অক্টোবৰৰ পুৱা পাঁচ বজাৰ পৰা ৩৬ ঘন্টীয়া ডিব্ৰুগড় জিলা বন্ধৰ কাৰ্য্যসূচী ঘোষণা কৰিছে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে। উক্ত সংগঠনসমূহৰ স্বাক্ষৰ সম্বলিত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই ঘোষণা কৰিছে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে টেঙাখাত উল্টনস্থিত এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়া কামালুদন আহমেদ নামৰ ব্যক্তিজন সেৱা কেন্দ্ৰত অনুপস্থিত থকাৰ উপৰি নিজৰ গাফিলতিৰে এজন আবাকাৰী কনিষ্টবলক নিযুক্তি দি এন আৰ চি কেন্দ্ৰটোৰ সমূহ কাম-কাজ পৰিচালনা কৰি আহিছিল। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে উক্ত এন আৰ চি কেন্দ্ৰটোত উপস্থিত হৈ বিষয়াজনে দায়িত্ব পালনত গাফিলতি কৰা প্ৰত্যক্ষ কৰে। ইয়াৰ পিচতে বিষয়াজনৰ ওপৰত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ পিছতো উক্ত বিতৰ্কিত বিষয়াজনৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত উল্লিখিত জনগোষ্ঠীয় সংগঠনকেইটাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।