ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আছুৰ দখলত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আছুৰ দখলত

কালি অনুষ্ঠিত হয় উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচন। কালিৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। মুঠ ১৮ পদৰ বিপৰীতে হোৱা নিৰ্বাচনত ১৬ টাতে জয়ী হৈ আছুৱে ছাত্ৰ একতা সভাখন নিজৰ দখললৈ নিবলৈ সক্ষম হয়। আছু সমৰ্থিত বিজয়ী প্ৰাৰ্থীসকল হৈছে উত্তৰণ গোস্বামী (সভাপতি), সেউজ দহোটীয়া (উপ-সভাপতি), ডেভিড হাজৰিকা (সাধাৰণ সম্পাদক), সঞ্জয় কৃষ্ণ ভঁৰালী (সহ: সাধাৰণ সম্পাদক, বিনা প্ৰতিদ্বন্দিতা), অভিজিত চুতীয়া (সাংস্কৃতিক সম্পাদক), ৰিম্পী গগৈ (সংগীত), মৃদুল ভূঞা (সাধাৰণ ক্ৰীড়া), হেমন্ত কুমাৰ ফুকন (ফুটবল), বিপ্লৱ গগৈ (আন্তঃক্ৰীড়া), ৰাজদ্বীপ (সমাজ সেৱা), প্ৰণৱ নাথ (ক্ৰিকেট, বিনা প্ৰতিদ্বন্দিতা), নায়নজ্যোতি গগৈ (শৰীৰচৰ্চা), বিতু গগৈ (ছাত্ৰ জিৰণি কোঠা, বিনাপ্ৰতিদ্বন্দিতা)।