আজি পবিত্ৰ বৰদিন : কেৰলৰ মূৰ্ছনাৰে মুখৰিত গীৰ্জা

আজি পবিত্ৰ বৰদিন : কেৰলৰ মূৰ্ছনাৰে মুখৰিত গীৰ্জা

আজি পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত উচাহৰ অন্ত নাই। শান্তি আৰু আনন্দ তথা প্ৰেম আৰু ভাতৃত্বৰ বন্দনাৰে উদযাপিত পবিত্ৰ বৰদিনে প্ৰকৃততে সোঁৱৰাই আহিছে প্ৰভু যিশুৰ কথা। বিগত প্ৰায় এমাহ পূৰ্বৰে পৰা খ্ৰীষ্ট ধৰ্মৰ উপাসনাগৃহ গীৰ্জাঘৰসমূহৰ পৰা ভাঁহি অহা কেৰলৰ সুমধুৰ মূৰ্ছনা আৰু বাসভৱনসমূহত আৰি থোৱা আকৰ্ষণীয় দৃষ্টিনন্দন তৰাই বৰদিনৰ উচাহ-উদ্দীপনা অধিক বৃদ্ধি কৰিছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো ব্যাপক ৰূপত আয়োজন কৰা হৈছে বৰদিন। কালি পানবজাৰস্থিত বেপ্টিষ্ট গিৰ্জাঘৰত অনুষ্ঠিত হয় খ্ৰীষ্টমাছ ইভ। আজি পুৱা ৰাজ্যৰ প্ৰতিটো গীৰ্জাঘৰত অনুষ্ঠিত হ'ব ৰাজহুৱা প্ৰাৰ্থনা। আনহাতে বেপ্টিষ্ট গীৰ্জাঘৰৰ পবিত্ৰ উপাসনাত উপস্থিত থাকি পবিত্ৰ বৰদিনৰ শুভময় বাৰ্তা প্ৰদান কৰিব শ্বিলঙৰ আই এফ এছ টনী মাৰাকে। 

বৰদিন উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যখনৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শুভ বৰদিনৰ আধ্যাত্মিক পৰিৱেশে সকলোৰে জীৱনলৈ শান্তি-সম্প্ৰীতি আৰু প্ৰগতি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। আমি ANN নিউজ অসমৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যবাসীলৈ জ্ঞাপন কৰিছো বৰদিনৰ শুভেচ্ছা আৰু প্ৰীতি।