-->

ব্ৰহ্মপুত্ৰৰ পানী কমা-বঢ়া সন্দৰ্ভত চীনৰ মন্তব্য: তিব্বতৰ তথ্য যোগান কেন্দ্ৰৰ মেৰামতিৰ বাবে তথ্য যোগান বাধাগ্ৰস্থ

ব্ৰহ্মপুত্ৰৰ পানী কমা-বঢ়া সন্দৰ্ভত চীনৰ মন্তব্য: তিব্বতৰ তথ্য যোগান কেন্দ্ৰৰ মেৰামতিৰ বাবে তথ্য যোগান বাধাগ্ৰস্থ

অনাগত দিনত ব্ৰহ্মপুত্ৰৰ পানী কমা-বঢ়া সম্পৰ্কীয় কোনো তথ্য ভাৰতক অৱগত নকৰে চীনে। যোৱা কেইবামাহো ধৰি চুবুৰীয়া ৰাষ্ট্ৰখনে ব্ৰহ্মপুত্ৰৰ পানী সম্পৰ্কীয় কোনো তথ্য ভাৰতক প্ৰদান কৰা নাই বুলি কেন্দ্ৰীয় চৰকাৰে অভিযোগ উত্থাপন কৰি অহাৰ পিছতেই বিষয়টোৰ সন্দৰ্ভত কালি মুখ খুলিছে চীনে। চুবুৰীয়া ৰাষ্ট্ৰখনে প্ৰকাশ কৰা অনুসৰি, তিব্বতত থকা ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় তথ্য যোগান ধৰা কেন্দ্ৰটোৰ পুনৰ মেৰামতিৰ কাম চলি আছে। সেয়েহে অনাগত দিনত ভাৰতক নদীখনৰ জল সম্পৰ্কীয় কোনো তথ্য প্ৰদান কৰিব পৰা নাযাব। আনহাতে, কেন্দ্ৰটোৰ মেৰামতিৰ কাম সমাপ্ত হোৱাৰ পিচত ব্ৰহ্মপুত্ৰৰ পানী সম্পৰ্কীয় তথ্য ভাৰতক প্ৰদান কৰা বিষয়টো বিবেচনা কৰা হ'ব বুলিহে ঘোষণা কৰিছে দেশখনে। প্রাণিধানযোগ্য যে কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ যোৱা কেইবামাহো ধৰি চীনে ব্ৰহ্মপুত্ৰৰ পানী সম্পৰ্কীয় তথ্য ভাৰতক প্ৰদান কৰা নাই। যাৰ বাবে এইবাৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী বঢ়া-কমাৰ সন্দৰ্ভত আগতীয়া তথ্য জনসাধাৰণক অৱগত কৰিব পৰা নাছিল কেন্দ্ৰই।