-->

চন্দ্ৰশেখৰ কাম্বাৰক আগবঢ়োৱা হৈছে মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা

চন্দ্ৰশেখৰ কাম্বাৰক আগবঢ়োৱা হৈছে মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা

দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা ৰাজধানী নতুন দিল্লীত শতবৰ্ষ মহোৎসৱ আৰম্ভ কৰিছে অসম সাহিত্য সভাই । দিল্লীৰ সামাজিক-সাংস্কৃতিক সংগঠন 'সমন্সয়'ৰ সহযোগিতাত ৰাষ্ট্রীয় সংগ্ৰহালয় প্ৰেক্ষাগৃহত আয়োজিত এক বৰ্ণাঢ়‍্য অনুষ্ঠানত বিশিষ্ট কানাড়া সাহিত্যিক, জ্ঞানপীঠপ্ৰাপক চন্দ্ৰশেখৰ কাম্বাৰক অসম সাহিত্য সভাৰ 'ড°' ইন্দিৰা গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰা হয় । দুপৰীয়া নতুন দিল্লীৰ প্ৰেছ ক্লুব অৱ ইণ্ডিয়াত এখন সংবাদ মেল পাতি শতবৰ্ষ উদযাপন সন্দৰ্ভত সাহিত্য সভাৰ সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই সবিস্তাৰে ব্যাখ্যা কৰে ।