কেন্দ্ৰীয় বাজেটত উপেক্ষিত অসম : ৰে’লতো উপেক্ষা, বিমান বন্দৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১০১৪.০৯ কোটি টকা

কেন্দ্ৰীয় বাজেটত উপেক্ষিত অসম : ৰে’লতো উপেক্ষা, বিমান বন্দৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১০১৪.০৯ কোটি টকা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিমান পৰিবহন সেৱাৰ উন্নীতকৰণৰ বাবে এক বৃহৎ অংকৰ ধনৰাশি দিয়াৰ বাহিৰে কালি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে দাখিল কৰা বাজেটত অসমৰ বাবে নাই বিশেষ কোনো আশাপ্ৰদ খবৰ। সাধাৰণ বাজেটৰ পৰা আৰম্ভ কৰি ৰে'ল বাজেটলৈকে সৰ্বত্ৰ অসমে স্থান নাপালে জেটলিৰ ভাষণত। সাধাৰণ বাজেটৰ দৰে ৰে'ল সেৱাৰ ক্ষেত্ৰতো এইবাৰ উপেক্ষিত হ'ল অসম। উল্লেখ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কালি দাখিল কৰা বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বিমান পৰিবহণ আন্তগাথঁনি উন্নীতকৰণৰ বাবে ১০১৪.০৯ কোটি টকা আবন্টন দিছে। এই ধনৰাশিৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অব্যৱহৃত হৈ থকা ৫০ টা বিমান বন্দৰ পুনৰুজ্জীৱিতকৰণ কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ বিমান পৰিবহণ উন্নীতকৰণৰ বাবে এই ধনৰাশি আবন্টন দিয়াৰ উপৰি বাঁহ উদ্যোগক অধিক জনমুখী কৰাৰ বাবেও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বাঁহ উদ্যোগ খণ্ডৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কালি দাখিল কৰা বাজেটত ধার্য কৰা হৈছে ১,২৯০ কোটি টকা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত বাঁহ ভাৰতৰ সেউজ সোণ বুলিও অভিহিত কৰে।