-->

ভাবা আণৱিক গৱেষণা কেন্দ্রৰ অসমীয়া বিজ্ঞানলৈ স্বীকৃতি

ভাবা আণৱিক গৱেষণা কেন্দ্রৰ অসমীয়া বিজ্ঞানলৈ স্বীকৃতি

সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ উজ্বলিল এজন অসমীয়া সন্তান । নিজৰ কৰ্মদক্ষতাৰে জিলিকি উঠিবলৈ সক্ষম হোৱা অকসমীয়া সন্তানজন হল মুম্বাইস্থিত ভাবা আণৱিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী দক্ষ বিজ্ঞানী, শিৱসাগৰ জিলাৰ ডিমৌৰ অনন্ত বৰগোঁহাই । ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগে নটা বৰগোহাঁইলৈ আগবঢ়াইছে ২০১৬ বৰ্ষৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ উৎকৰ্ষ বঁটা । যোৱা ৩০ অক্টোবৰত ভাৰত চৰকাৰৰ পাৰমাণৱিক বিভাগে আয়োজন কৰা এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা বিজ্ঞানী বৰগোঁহাইদেবক প্ৰদান কৰে ।