-->

গুৱাহাটীত মুকলি হ’ল এপ’ল’ হাস্পতাল

গুৱাহাটীত মুকলি হ’ল এপ’ল’ হাস্পতাল

ভাৰতৰ আগশাৰীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠান এপ'ল' হাস্পতাল গ্ৰুপে যোৱা শনিবাৰে গুৱাহাটীত মুকলি কৰে ইয়াৰ প্ৰথমখন পূৰ্ণাংগ মাল্টিস্পেচিয়েলিটি হাস্পিতাল। ২২০ খন বিচনাযুক্ত তথা অত্যাধুনিক সা-সুবিধাসম্পন্ন হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিভান্টাত আয়োজিত অনুষ্ঠানত এপল' হাস্পতাল গ্ৰুপৰ ৭০ সংখ্যক হাস্পতালখন মুকলি কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ স্বাস্থ্য খণ্ডত এপ'ল' হাস্পতালৰ সংযোজনে শুভ বাৰ্তা কঢ়িয়াইছে।