-->

ৰাষ্ট্ৰসংঘৰ মজিয়াত অনুপ চেতিয়াৰ ভাষণ: উত্তৰ-পূব ভাৰতৰ শান্তি সমাধানত গুৰুত্ব

ৰাষ্ট্ৰসংঘৰ মজিয়াত অনুপ চেতিয়াৰ ভাষণ: উত্তৰ-পূব ভাৰতৰ শান্তি সমাধানত গুৰুত্ব

ৰাষ্ট্ৰসংঘৰ জেনেভাৰ এক মানৱ অধিকাৰ বিষয়ক এক সন্মিলনত বক্তব্য ৰাখে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। বৈঠকত অংশগ্ৰহণ কৰি অনুপ চেতিয়াই কয়- 'অশান্ত উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰাই আনিবলৈ হ'লে চৰকাৰে অঞ্চলটোৰ জনগণৰ সমস্যাসমূহৰ সমাধানৰ কাৰণে সদিচ্ছা, আন্তৰিকতা দেখুৱাব লাগিব।' ইয়াৰ লগতে অনুপ চেতিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বৈষম্যমূলক দৃষ্টিভংগী প্ৰদৰ্শন কৰি অহা বুলি অভিযোগ কৰে। তেওঁ স্পষ্ট ভাষাত কয় যে দ্বাৰা বৈষম্য আৰু বঞ্চনাৰ সন্মুখীন হৈ অহাৰ বাবে সাত ভনী হিচাপে খ্যাত উত্তৰ-পূৱৰ সাতোখন ৰাজ্যৰ জনগণৰ মাজত অশান্তি বৃদ্ধি পাইছে। তেওঁ ইয়াৰ উপৰিও কয়- 'প্ৰায়ভাগ গোটে এতিয়া চৰকাৰৰ সৈতে শান্তি প্ৰক্ৰিয়াত আছে। শান্তি প্ৰক্ৰিয়া চলি আছে যদিও সমস্যাৰ গ্রহণযোগ্য দীৰ্ঘম্যাদী সমাধানেহে অঞ্চলটোৰ শান্তি নিশ্চিত কৰিব। ইয়াৰ বাবে সকলো গোটে আলোচনাৰ বাবে একেলগে আহিব লাগিব।'