-->

আল-কায়দাৰ টাৰ্গেট এইবাৰ অসম

আল-কায়দাৰ টাৰ্গেট এইবাৰ অসম

উচ্চ ন্যায়ালয়ৰ ওচৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰত্যক্ষ নিৰীক্ষণ অভ্যাহত থাকে । এই নিৰীক্ষণ'ৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া বিঘ্নিত কৰিবলৈ এটা বিশেষ চক্ৰ তৎপৰ হৈ থকাৰ সমান্তৰাল ভাৱে অসম জ্বলোৱাৰ ভয়ংকৰ ব্লু-প্ৰিন্টক বাস্তৱ ৰূপ দিয়াৰ চেষ্টাত নামি পৰিছে আল-কায়দা । পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ পৃষ্ঠপোষকতাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে ইতিমধ্যে অসমৰ পৰিস্থিতি সন্দৰ্ভত 'গ্ৰউণ্ড জিৰ' ৰিপ'ৰ্ট' সংগ্ৰহ কৰিছে । প্ৰধানতঃ এন আৰ চি বিৰোধী চক্ৰটোক অধিক শক্তিশালী তথা ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক প্ৰৰোচিত কৰি ইণ্ডিয়ান ছাব কণ্টিনেণ্টত অসমক অন্তৰ্ভূক্তিৰ ঘোষণা সাকাৰ কৰাৰ সপোন দেখিছে আল-কায়দাই ।