বৰঝাৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ

বৰঝাৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ

বৰঝাৰৰ আকাশত এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। দিল্লীৰ পৰা গুৱাহাটী হৈ ইম্ফললৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এ আই ৮৮৯ বিমানখনে ১৬০ জন যাত্ৰী লৈ গুৱাহাটীত অৱতৰণৰ সময়তে আকাশমাৰ্গত চৰাইৰ সৈতে খুন্দা লাগে। অৱশ্যে বিমানখনৰ পাইলটে পৰিস্থিতি চম্ভালি ততাতৈয়াকৈ বিমানখন জৰুৰীভাৱে বৰঝাৰৰ ৰানৱেত অৱতৰণ কৰায়। এই ঘটনাৰ পিচতেই অভিযন্তাই বিমানখন পৰীক্ষা কৰি পৰৱৰ্তী যাত্ৰা বাতিল কৰে। ফলত বিমানখনৰ ইম্ফলমুখী যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। অৱশ্যে কালি এয়াৰ ইণ্ডিয়া কতৃপক্ষই যাত্ৰীসকলক নিশাটো গুৱাহাটীতে ৰখাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে উক্ত বিমানখনতে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীও গুৱাহাটীৰ পৰা ইম্ফললৈ যাত্ৰা কৰাৰ কথা আছিল।