-->

ৰাজ্যত আধাৰ কাৰ্ডৰ বাবে ডিচেম্বৰৰ পৰা তথ্য সংগ্ৰহ

ৰাজ্যত আধাৰ কাৰ্ডৰ বাবে ডিচেম্বৰৰ পৰা তথ্য সংগ্ৰহ

দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত সাধাৰণ প্ৰশাসন, সচিবালয় প্ৰশাসন, ন্যায়িক আৰু বিধায়িনী বিভাগৰ বাজেট ঘোষণা ৰূপায়ণৰ পৰ্যালোচনা কৰা হয়। এই বৈঠকত সাধাৰণ প্ৰশাসন বিভাগে এই বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ৰাজ্যখনত ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়াৰ দ্বাৰা আধাৰ কাৰ্ডৰ বাবে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি অৱগত কৰে। এই প্ৰক্ৰিয়াত ৰাজ্যখনৰ জনসাধাৰণ বায়'মেট্ৰিকছ আৰু জনসংখ্যাৰ পৰিসংখ্যামূলক ডাটাসমূহ সংগ্ৰহ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াটো ১ বছৰৰ ভিতৰত সম্পন্ন কৰাৰ নিশ্চিত পদক্ষেপ ল'বলৈ সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশ প্ৰদান কৰে।