-->

টাৱাঙত পথ দুৰ্ঘটনা: বংগৰ তিনি পৰ্যটক নিহত

টাৱাঙত পথ দুৰ্ঘটনা: বংগৰ তিনি পৰ্যটক নিহত

টাৱাঙত ভয়াৱহ পথ দুৰ্ঘটনাত কালি দুগৰাকী মহিলাসহ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত বাতৰি অনুসৰি নিহতকেইগৰাকী পশ্চিমবংগৰ পৰ্যটক আছিল। এখন টাটা ছুম'ৰে আবেলি প্ৰায় তিনি বজাত বুমলাৰ পৰা টাৱাঙলৈ আহি থকা অৱস্থাত ওখ পাহাৰৰ পৰা ছুম'খন তললৈ বাগৰি আহে। ফলত গাড়ীখনৰ চালকসহ আটাইকেইগৰাকী গুৰুতৰভাৱে আহত হয়। ইয়াৰে দুগৰাকী মহিলা আৰু এগৰাকী পুৰুষৰ কিছুসময় পিচতে মৃত্যু হয়। আহতসকলক সেনাবাহিনীয়ে উদ্ধাৰ কৰি খিৰমু চিকিৎসালয়ত ভৰ্তি কৰে।