আৰক্ষীৰ জালত গুৱাহাটীত দুই ঠগ

আৰক্ষীৰ জালত গুৱাহাটীত দুই ঠগ

মহানগৰীৰ দিছপুৰ আৰক্ষীৰ জালত ২ প্ৰৱঞ্চক। ছাত্ৰ-ছাত্ৰী যোগান ধৰাৰ নামত দক্ষিণ ভাৰতৰ দুখন অভিযান্ত্ৰিক কলেজৰ পৰা ধন আত্মসাত্‍ কৰাৰ অভিযোগ। টকা ল’বলৈ আহি হাতে-লোটে গ্ৰেপ্তাৰ হ’ল ছুলেইমান আলী আৰু নাজিমুদ্দিন আলী নামৰ প্ৰৱঞ্চক দুটা। ভুৱা চাৰ্টিফিকেট দেখুৱাই দক্ষিণ ভাৰতৰ ৰাজাশ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু জয় মাডাহ মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা আত্মসাত্‍ কৰিছিল ৫ লাখ টকা।