অৱশেষত চাকৰি পাব টেট উৰ্ত্তীণ প্ৰাৰ্থীয়ে

অৱশেষত চাকৰি পাব টেট উৰ্ত্তীণ প্ৰাৰ্থীয়ে

ডিজিটেল ডেস্ক:অৱশেষত নিযুক্তি পাব চাকৰি বঞ্চিত টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলে৷ বুধবাৰে ৰাজ্যৰ উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ ৬মাহৰ অন্তত উক্ত পদসমূহৰ নিযুক্তিৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আতৰাই পুনৰ নিযুক্তি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে৷  এই নিৰ্দেশৰ ফলত টেট উৰ্ত্তীণ আৰু ডিএলএড তথা বি এড ডিগ্ৰীধাৰীসকলে চাকৰিত নিযুক্তি লাভ কৰিব৷ উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত শিক্ষা বিভাগে এক বিজ্ঞাপনযোগে উল্লিখিত সংখ্যক পদত শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তিৰ ব্যৱস্থা কৰাৰৰ সময়তে আদালতৰ দ্বাৰস্থ হৈছিল ১৩৩ গৰাকী প্ৰাৰ্থী। ইয়াৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াতো আদালতত ওলমি ৰয়।