ৰাজপথত গীটাৰ লৈ প্ৰচাৰত নামিল শিল্পী

ৰাজপথত গীটাৰ লৈ প্ৰচাৰত নামিল শিল্পী

ডিজিটেল ডেস্ক: ৰাজপথত গীটাৰ লৈ ভিলেইজ ৰকষ্টাৰৰ প্ৰচাৰত লাগিল শিল্পী কিশোৰ গিৰি৷ হাতত প্লেকাৰ্ড লৈ শিল্পীগৰাকীয়ে চৰকাৰক চলচিত্ৰখনক আৰ্থিকভাৱে সহায় কৰিবলৈ আহ্বান জনায়৷ তদুপৰি এই কাৰ্যৰ জৰিয়তে তেওঁ চলচিত্ৰখনৰ লগত জড়িত শিল্পী তথা কলাকুশলীক অভিনন্দন জ্ঞাপন কৰে৷উল্লেখ্য যে২০১৯ৰ অস্কাৰৰ বিদেশী ভাষাৰ শিতানৰ বাবে ইণ্ডিয়ান ফিল্ম ফেডাৰেছনে মনোনীত কৰিছে চলচিত্ৰখনক৷ সেইবাবে এতিয়া ছবিখনৰ প্ৰচাৰৰ বাবে প্ৰায় ৫কোটি টকাৰ প্ৰয়োজন হ’ব ছবিখনৰ নিৰ্মাতাক৷