ৰিজেজুৱে পৰ্যবেক্ষণ কৰিলে বগীবিল

ৰিজেজুৱে পৰ্যবেক্ষণ কৰিলে বগীবিল

ডিজিটেল ডেস্ক: আজি বগীবিল দলং পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজীজুৱে৷ পৰ্যবেক্ষণ কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে বগীবিল দলঙৰ কাম দ্ৰুতগতিত আগবঢ়া বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে চলিত বছৰৰ ডিচেম্বৰত উক্ত দলঙখন মুকলি কৰাৰ সম্ভাৱনা আছে৷ ২০০২তে কাম আৰম্ভ হোৱা বগীবিলৰ দৈৰ্ঘ প্ৰায় ৪.৯৪ কিমি৷ এই দলঙে অসম আৰু অৰুণাচলৰ জনতাৰ লাইফলাইনৰ দৰে হ’ব বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য আগবঢ়াই ৰিজেজুৱে৷ বগীবিল দলঙখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লগত দক্ষীণ পাৰ সংযোগ কৰাৰ লগতে অসমৰ লগত অৰুণাচলো সংযোগ কৰিব৷