আজি ঘোষিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল

আজি ঘোষিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল

ডিজিটেল ডেস্ক: আজি ঘোষিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল৷ ১৫টা পদত মুঠ ৯৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছে এই নিৰ্বাচনত৷সভাপতি পদত ২ গৰাকী, উপ সভাপতি পদত ২ গৰাকী, সাধাৰণ সম্পাদক পদত ৩ গৰাকী আৰু সহকাৰী সম্পাদক পদত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।সোমবাৰে ভোট গ্ৰহণ হৈ যোৱা এই নিৰ্বাচনত আছু,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,এবিভিপিকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ সদস্যই প্ৰতিদ্বন্দীতা আগবঢ়াইছে৷ নিৰ্বাচনৰ ফলাফলৰ বাবে ইতিমধ্যে কৌতুহল আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত৷