মহানগৰীত উৰিল জাতীয় পতাকা

মহানগৰীত উৰিল জাতীয় পতাকা

ডিজিটেল ডেস্ক:সোমবাৰে মহানগৰীত উৰিল জাতীয় পতাকা৷ গান্ধী মণ্ডপৰ ৩০০ফুট উচ্চতাত এই পতাকা উত্তোলন কৰা হয়৷ কামৰূপ (ম)উপায়ুক্তৰ উপস্থিত থকা এই অনুষ্ঠানত পৰীক্ষণমুলকভাৱে এই পতাকা উত্তোলিত হয়৷ অহা দুই অক্টোবৰতহে আনুষ্ঠানিক ভাৱে এই পতাকা উদ্ধোধন কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈছে৷ স্মাৰ্ট চিটি প্ৰকল্পৰ এক অংশ হিচাপে এই পতাকা নিৰ্মান কৰা হৈছে৷ দেশৰ সৰ্বোচ ৰাষ্ট্ৰীয় পতাকাখন উৰি আছে ৩৬০ফুট উচ্চতাতভাৰত   পাক সীমান্তৰ আট্ৰাৰিত৷ দ্বিতীয় সৰ্বোচ্চ উচ্চতাত উৰা পতাকাখন আছে মহাৰাষ্ট্ৰ কোলাহপুৰত৷ ইয়াৰ পিছতেই তৃতীয় উচ্চতম পতাকাখন উৰিব মহানগৰীৰ গান্ধীমণ্ডপত৷