অধিৱেশন এৰি শিক্ষামন্ত্ৰী উৰা মাৰিলে বিদেশলৈ

অধিৱেশন এৰি শিক্ষামন্ত্ৰী উৰা মাৰিলে বিদেশলৈ

ডিজিটেল ডেস্ক:বিধানসভাৰ অধিৱেশনত থাকিবলৈ সময় নাই শিক্ষামন্ত্ৰীৰ৷ নিজ বিভাগটোৰ প্ৰতি চৰম উদাসীনতা আৰু দায়িত্বজ্ঞানহীতাৰ পৰিচয় দি শৰৎকালীন অধিৱেশনৰ তৃতীয় দিনা অনুপস্থিত থাকিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ আজি বিধানসভাত শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বিধানসভাত উত্থাপন কৰে৷ অধিৱেশনত নিজৰ বিভাগৰ একাধিক গুৰুত্বপূৰ্ণ বি৷ষয়ক লৈ আলোচনা হ’ব বুলি জানিও মন্ত্ৰীগৰাকী উৰা মাৰিছে বিদেশলৈ। শিক্ষামন্ত্ৰীজনৰ এনে কাণ্ডক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধীয়ে৷ তদুপৰি এনে মন্ত্ৰীক নিজ দায়িত্বৰ পৰা অব্যাহতি দিব লাগে বুলি ভিন্নজনে মত প্ৰকাশ কৰিছে৷