বিহাৰত নাগৰিকত্ব বিলৰ প্ৰতিবাদ কৰিব অগপই

বিহাৰত নাগৰিকত্ব বিলৰ প্ৰতিবাদ কৰিব অগপই

ডিজেটেল ডেস্ক:নাগৰিকত্ব বিলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম গণ পৰিষদ দল৷ এইবাৰ বিলখনৰ বিৰোধিতা কৰি পাটনালৈ ৰাওনা হৈছে অগপ দলটো৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাত কৰিব অগপ দলৰ মন্ত্ৰী অতুল বৰা,প্ৰফুল্ল কুমাৰ মহন্ত সহিত কেইবাজনো দলটোৰ নেতাই৷ বিহাৰত গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিলখনৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰিব বুলি আশা কৰিছে দলটোৱে৷ অগপই সদায় এই বিলখনৰ বিৰোধিতা কৰি আহিছে৷