-->

মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি: দহ দিনৰ ভিতৰত নিৰ্মাণ সামগ্ৰীৰ নাটনি আঁতৰোৱাৰ নিৰ্দেশ

মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি: দহ দিনৰ ভিতৰত নিৰ্মাণ সামগ্ৰীৰ নাটনি আঁতৰোৱাৰ নিৰ্দেশ

ৰাজ্যখনত নিৰ্মান সামগ্ৰীৰ তীব্ৰ নাটনিৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী সোনোৱালে কালি বন বিভাগক দহ দিনৰ ভিতৰত শিল, বালিকে ধৰি নিৰ্মাণ সামগ্ৰীৰ পৰ্যাপ্ততা স্বাভাৱিক কৰি তুলিবলৈ বন বিভাগক নিৰ্দেশ প্রদান কৰিছে। কালি জনতা ভৱনত থকা মুখ্যমন্ত্ৰীৰ সভাকক্ষত বন আৰু গৰকপ্তানি বিভাগৰ বিষয়সকলৰ উপস্থিতিত এই নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।